‘মই ইমান দিনে কোৱা নাছিলো বিজেপিত যোগদান কৰিম বুলি। কালি কংগ্ৰেছ ত্যাগ কৰিছোহে। মই বিজেপিত যোগদান কৰাটো নিশ্চিত। কিন্তু কেতিয়া কৰিম সময়ত জনাম।অমিত শ্বাহ সাক্ষাৎ কৰি বিজেপিত যোগদান কৰাটো নিশ্চিত কৰিছো।’- এই মন্তব্য কৰিছে প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী অজন্তা নেওগে ৷
শনিবাৰে অজন্তা নেওগে মন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত্ কৰে আৰু লগে লগে অজন্তা নেওগে বিজেপিত আজিয়েই যোগদান কৰিব বুলি ব্যাপক চৰ্চা লাভ কৰে যদিও সাক্ষাতৰ অন্তত সাংবাদিকৰ আগত এইবুলি মন্তব্য কৰে প্ৰাক্তন গড়কাপ্তানী বিভাগৰ মন্ত্ৰীগৰাকীয়ে।
দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কেইদিনমান পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাত্ কৰিছিল ৷ তাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা সাক্ষাতৰ কাৰণ দৰ্শাবলৈ অজন্তা নেওগক নিৰ্দেশ দিয়া হয় যদিও কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাছিল অজন্তা নেওগে। ফলস্বৰূপে পিছত অজন্তা নেওগক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰা হয় ৷
- Log in to post comments
- 19 views