দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সাৰদ অৰবিন্দ ব’বদে অলপতে অসমসহ উত্তৰ পূৱ ভ্ৰমণলৈ আহিছিল। ইয়াৰ পিছতে তেখেত মঙ্গলবাৰে অসমৰ পৰা ত্ৰিপুৰালৈ যায় আৰু ২৩ ডিচেম্বৰ বুধবাৰে ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ৰ ই-সেৱা কেন্দ্ৰ উদ্বোধন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰমবিমান বন্দৰৰপৰা কলিকতা হৈ এয়াৰ ইণ্ডিয়াৰ ৫৩০ নম্বৰ বিমানেৰে হায়দৰবাদলৈ যাত্ৰা কৰিছিল। কিন্তু কলিকতা হৈ হায়দৰাবাদৰ এই যাত্ৰাতে ধৰা পৰে উৰাজাহাজখনৰ যান্ত্ৰিক বিজুতিৰ কথা ৷ তাৎক্ষণিক ভাৱে বিমানখনৰ পাইলটে কলিকতাৰ দমদম আন্তৰ্জাতিক বিমান বন্দৰত বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰায় ৷ পাইলটৰ বিচক্ষণতাৰ বাবে প্ৰাণ ৰক্ষা পৰিল ব’বদেসহ ১৪৬ গৰাকী বিমান যাত্ৰীৰ ।
- Log in to post comments
- 27 views