মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত বিটিচি পৰিষদ গঠনক লৈ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়।ইউপিপিএল,গণ সুৰক্ষা পাৰ্টীৰে বৈঠকত বহিল বিজেপিৰ শীৰ্ষ নেতৃত্ব।বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা প্ৰমোদ বড়ো হ'ব বিটিচিৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী। উল্লেখ যে হাগ্ৰাম মহিলাৰীৰ বিপিএফৰে বিধানসভাত মিত্ৰতা আছিল বিজেপিৰ। মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত উপস্থিত আছিল প্ৰমোদ বড়ো, সাংসদ নৱ শৰণীয়া,বিজেপি সভাপতি ৰঞ্জিত দাস,মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
- Log in to post comments
- 13 views