*নৱগঠিত আঞ্চলিক দলসমূহ সুৰেখা চিয়াঁহীৰ দৰে হ'ব-বৰা*
বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আমবাৰীৰ কার্যালয়ত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ মুখতে প্ৰকাশ পালে দল দুৰ্বল হোৱাৰ কথা।বাস্তৱ সত্যক মানি লৈ বৰাৰ অকপট স্বীকাৰক্তি-"মিত্ৰতাত বিশ্বাসী আমি, অকলে একো কৰিবলৈ নোৱাৰো।'২১ৰ নিৰ্বাচনত বিজেপিৰে মিত্ৰতা বাহাল থাকিব।"
"বিদেশী খেদিব বুলি ৰাইজৰ আশা বৃদ্ধি পাইছিল অগপৰ প্ৰতি।কিন্তু সেই আশা মিছা আছিল।যিসকলে প্ৰতিশ্ৰুতি দিছিল,সেয়া মিছা আছিল।ক্ষমতাত আহিলেও অগপই বিদেশী খেদিবলৈ নোৱাৰে। ভাৰত চৰকাৰৰ সহায় লাগিব।এনেই ডাংকোপ মাৰি লাভ নাই"- বৰাই কয়।
ইফালে,বিপিএফৰ দৰে বিজেপিয়ে যদি মিত্ৰতা ছেদ কৰে,তেন্তে অগপ আগন্তক নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত বৰাই কয়-"সময়ৰ আহ্বান চাই সিদ্ধান্ত গ্ৰহণ কৰিম।"
আনহাতে,দেশত এতিয়া অকলে চৰকাৰ গঠন কৰিব পৰা অৱস্থা নাই।শত্ৰু কোন মিত্ৰ কোন, তাৰ ওপৰত ভিত্তি কৰি অগপ দলে মিত্ৰতা কৰি আহিছে বুলি উল্লেখ কৰে বৰাই।
"কা'ৰ বিৰুদ্ধে আমাৰ কৰণীয় কৰি আহিছো।বলিষ্ঠ স্থিতি গ্ৰহণ কৰি ৰাজপথ, দিল্লীত প্ৰতিবাদ কৰিছোঁ।কা' গৃহীত কৰিব বুলি খবৰ পাই দিল্লীতে মন্ত্ৰ্ৰি্ত্ব ত্যাগ কৰিছিলোঁ"-বৰাই কয়।
"সুলেখা চিয়াঁহীৰ জনপ্রিয়তা দেখি সুৰেখাই প্ৰস্তুত কৰা চিয়াঁহীৰ দৰে অৱস্থা হ'ব ৰাজ্যৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ"- বৰাই কয়।
মঙলবাৰে আমবাৰীত আগন্তক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হয় অগপৰ প্ৰথমখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক।
- Log in to post comments
- 40 views