কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদী কৃষকে আহ্বান জনোৱা ভাৰত-বন্ধৰ দেশব্যাপি প্ৰভাৱ পৰিলক্ষিত হৈছে।মহাৰাষ্ট্ৰত ভিন্ন স্থানত প্ৰতিবাদী কৃষকে অৱৰোধ কৰিছে ৰেল।ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশটো বিভিন্ন স্থানত কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে।উল্লেখ যে এই ভাৰত বন্ধৰ প্ৰতি দেশৰ কৃষক সংগঠনসমূহৰ লগতে ১২ টাতকৈ অধিক ৰাজনৈতিক দলে সমৰ্থন আগবঢ়াইছে।অসমটো ভাৰত বন্ধৰ যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।গুৱাহাটীত পুৱাৰে পৰা যান-বাহনৰ চলাচল বন্ধ আছে।
- Log in to post comments
- 12 views