*যাত্ৰাত ৰাজনৈতিক কথা-বতৰাৰ পৰা আঁতৰত থাকি জননেতা গগৈৰ আদৰ্শ আৰু অসমৰ প্ৰতি থকা সপোন সোঁৱৰণ কৰিম- গৌৰৱ গগৈ*
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ শেষ ইচ্ছা পূৰণৰবাবে শদিয়াৰ পৰা ধুবুৰীলৈ শান্তি সদভাৱনা যাত্ৰা কৰিব পুত্ৰ সাংসদ গৌৰৱ গগৈসহ পৰিয়ালে।অসম প্ৰদেশ কংগ্ৰেছ উদ্যোগত অহা ৯ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব যাত্ৰা।সংবাদমেল যোগে ঘোষণা কৰিলে পুত্ৰ গৌৰৱ গগৈয়ে।
৯ ডিচেম্বৰত যাত্ৰা আৰম্ভণি হ'ব প্ৰয়াত গগৈ জন্মস্থান যোৰহাটৰ পৰা।সামৰণি পৰিব ১২জানুৱাৰীত গুৱাহাটীত।
সদভাৱনা যাত্ৰা যোৰহাটত প্ৰয়াত গগৈৰ পত্নী ডলী গগৈ, কন্যা চন্দ্ৰিমা গগৈ আৰু পুত্ৰ গৌৰৱ গগৈৰ লগতে প্ৰদেশ কংগ্ৰেছ জ্যেষ্ঠ নেতৃত্ব আৰু নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে অংশ গ্ৰহণ কৰিব।
গগৈয়ে প্ৰতিনিধিত্ব কৰা তিতাবৰত ১০ডিচেম্বৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হব।উক্ত দিনাই শদিয়াত ব্ৰহ্মপুত্ৰ গগৈ চিতাভস্ম বিসৰ্জন দিয়া হ'ব বুলি জানিব দিয়ে পুত্ৰ গৌৰৱে।যাত্ৰা শদিয়া পৰা ধুবুৰী আৰু দিছপুৰৰ পৰা হাইলাকান্দি লৈ প্ৰতিখন জিলা যাত্রাত সামৰি লোৱা হ'ব বুলি লগতে তেওঁ কয়।
ইফালে,প্ৰতিখন জিলাৰ ভিতৰত যাত্ৰা সময়ত সৰ্বধর্মীয় পাৰ্থনা হব।সাধাৰণ ৰাইজ আহি শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।পদযাত্ৰাৰ জৰিয়তে প্ৰতিখন জিলা ওচৰত থকা নদীত চিতাভস্ম বিসৰ্জন দিয়া হ'ব বুলি উল্লেখ কৰি গগৈয়ে কয়-যোৰহাটৰ নিমাতি ঘাটত ৯ডিচেম্বৰ একেদৰে শিৱসাগৰত ১২ ডিচেম্বৰত দিখৌ নদীত বিসৰ্জন দিয়া হ'ব।
যাত্ৰাত গগৈ আদৰ্শ, সমাজত সমন্বয়, গাঁৱৰ ৰোৱনী-বোৱনীৰ প্ৰতি থকা মৰম, বয়োজ্যেষ্ঠসকলৰ প্ৰতি তেওঁৰ থকা শ্ৰদ্ধা পুনৰবাৰ সোঁৱৰণ কৰাৰ বাবে প্ৰচেষ্টা লোৱা বুলি পুত্ৰগৰাকীয়ে কয়।
যাত্ৰাত ৰাজনৈতিক কথা বতৰা পৰা সম্পূণ আঁতৰত থাকিব বুলি উল্লেখ কৰি গৌৰৱে কয়-"যাত্ৰাত কেৱল প্ৰয়াত গগৈৰ আদৰ্শ আৰু অসমৰ প্ৰতি থকা সপোন সোঁৱৰণ কৰা চেষ্টা কৰিম।"
- Log in to post comments
- 15 views