"মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ সন্ত্ৰাসবাদী,ৰাজনৈতিকভাৱে আজমলক হত্যা কৰিবলৈ বিচাৰিছে"-এআইইউডিএফ

Aiudf

"এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ উত্থানত শংকিত হৈছে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা।সমাজৰ আগত হেয় প্ৰতিপন্ন কৰিবলৈ তেওঁৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ মিছা অভিযোগ উত্থাপন কৰিছে"- গুৰুতৰ অভিযোগ এআইইউডিএফৰ।

ৰাজনৈতিকভাৱে আজমলক হত্যা কৰিবলৈ বিচৰা বুলি উল্লেখ কৰি দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয়- মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ সন্ত্ৰাসবাদী।প্ৰথমটো এম্বুচ শিলচৰ বিমানবন্দৰত দিয়াৰ পিছত এইবাৰ আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে এম্বুছ আৰম্ভ কৰিছে।"

আজমল ফাউণ্ডেচনৰ গৌৰৱ যিসকলে মানি ল'বলৈ পৰা নাই সেইসকলে ফাউণ্ডেচনৰ বিৰুদ্ধে বিতৰ্ক আৰম্ভ কৰা বুলি ইছলামে কয়-"ফাউণ্ডেচনলৈ ক'ৰ পুঁজি আহে তদন্ত কৰাৰ বাবে চৰকাৰক আজমলে নিজে আহ্বান জনাইছে।যিটো সংগঠনে অভিযোগ প্ৰথম উত্থাপন কৰিছিল সেই সংগঠনটো  প্ৰাক্তন আৰএছএছ নেতাৰ।"

আজমলৰ বিৰুদ্ধে যিসকলে এই অভিযোগ তুলিছে সেইসকলৰ বিৰুদ্ধে ন্যায়ালয়ত মানহানি গোচৰ তৰিব বুলি ঘোষণা কৰে সাধাৰণ সম্পাদকগৰাকীয়ে।

Your Comments