ক’ৰ’নাৰ দিনতে বাঢ়িছে অন্লাইন ব্যৱসায় । সৰু চহৰৰ পৰা আৰম্ভ কৰি মেট্র’ চহৰ-সকলো ঠাইতেই কুৰিয়াৰ, কার্গ’ ইত্যাদিৰ সুবিধাৰ পৰিমাণ বাঢ়িছে । এনেকুৱা সময়তেই ডিটিডিচি-এও সম্প্রসাৰণৰ কাম আৰম্ভ কৰিছে । ডিটিডিচিয়ে বিভিন্ন চহৰত আউটলেট খোলাৰ প্রস্তুতি চলাইছে । যিকোনো ব্যক্তিয়েই এই আউটলেট খুলি উপার্জন কৰিব পাৰিব । তাৰ বাবে প্রাথমিক বিনিয়োগ হ’ব মাত্ৰ ৫০ হাজাৰ টকা।
সমগ্ৰ ভাৰতবৰ্ষজুৰি এ,বি,চি বিভাগৰ চহৰসমূহত যিকোনো ঠাইতেই ডিটিডিচিৰ এই ফ্রেঞ্চাইজি খুলিব পৰা যাব। সকলোতকৈ ভাল খবৰটো হ’ল ফ্রেঞ্চাইজিৰ বাবে কোনো ধৰণৰ শুল্ক লোৱা নহ’ব । কেৱল চেট-আপৰ বাবে টকা লোৱা হ’ব ৷
'এ' বিভাগৰ চহৰসমূহত ডেৰ লাখ টকা বিনিয়োগ কৰিব লাগিব। 'বি' কেটেগৰীৰ চহৰসমূহত ১ লাখ টকা বিনিয়োগ কৰিব লাগিব। 'চি' কেটেগৰীৰ চহৰসমূহত ৫০ হাজাৰ টকা বিনিয়োগ কৰিব লাগিব।
এইক্ষেত্রত ডিটিডিচিৰ ফ্রেঞ্চাইজিৰ বাবে কৰা বিনিয়োগৰ ২০ শতাংশ ৰিটার্ন দিয়া হ’ব। মুঠ টার্নঅ’ভাৰৰ ১০ শতাংশ ৰয়েল্টি ফী হিচাপে ফ্রেঞ্চাইজিক দিব লাগিব।
ইয়াৰ বাবে ডকুমেন্টচ্ হিচাপে প্রয়োজন ভোটাৰ আইডি বা ড্রাইভিং লাইচেন্স, ৰেচন কার্ড, লেণ্ডলাইন টেলিফোন বিল, পাছবুক আৰু ৰেফাৰেন্স লেটাৰ ইত্যাদি।
- Log in to post comments
- 25 views