১২০০ কোটি টকা মূল্যৰ হনুমানৰ সকলোতকৈ বেছি উচ্চতাৰ মূৰ্ত্তিটো সজা হ’ব কৰ্ণাটকত ৷
হনুমন্ত জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সভাপতি স্বামী গোবিন্দ আনন্দ সৰস্বতীয়ে মঙলবাৰে এই কথা ঘোষণা কৰে।হনুমানৰ জন্মভূমি বুলি খ্যাত কৰ্ণাটকৰ বেলাৰী জিলাৰ পম্পাপুৰ কিচকিন্ধত নিৰ্মাণ কৰিব লগীয়া হনুমানৰ মূৰ্তিটোৰ উচ্চতা হ’ব ২১৫মিটাৰ ৷ সভাপতি গোৱিন্দ আনন্দ সৰস্বতীয়ে জনোৱা অনুসৰি বিশ্বৰ সকলোতকৈ ওখ মূূৰ্তিটো হ’ব এই নিৰ্মাণ হ’ব লগা মূৰ্তিটো।
ৰাষ্ট্ৰীয় ভিত্তিত ৰথযাত্ৰাৰ যোগেদি এই মূৰ্তি নিৰ্মাণৰ ধনসমূহ গোটোৱা হ’ব ৷
- Log in to post comments
- 11 views