বিজেপি কেন্দ্ৰত শাসনলৈ অহাৰ পিছতেই পৰিলক্ষিত হৈ আহিছে পূৰ্বৰ কংগ্ৰেছী নেতাৰ নামত থকা সকলোবোৰ স্থানৰপৰা সেই নামবিলাক নিচিহ্ণ কৰিবলৈ বিচৰাৰ কথা ৷
শেহতীয়াকৈ দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি স্বামী বিবেকানন্দৰ নামেৰে পুনৰ নামাকৰণ কৰিলে ভাল হ’ব বুলি সোমবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি টি ৰবিয়ে।সাধাৰণ সম্পাদকজনে লগতে কয় যে স্বামী বিবেকানন্দ হ’ল ‘ভাৰত’ চিন্তাধাৰাৰ হকে ঠিয় দিয়া প্ৰথমগৰাকী ব্যক্তি ৷ বিবেকানন্দৰ দৰ্শন আৰু আদৰ্শই ভাৰতৰ শক্তিক প্ৰতিফলিত কৰে।
- Log in to post comments
- 19 views