বিশ্বৰ একাধিক দেশত চলিছে ক’ৰ’না ভেকচিনক লৈ পৰীক্ষা নিৰীক্ষা। তাৰ মাজত সকলোতকৈ আগবাঢ়ি আছে ৰাছিয়া। বিশ্বত ৰাছিয়াই প্রথম বজাৰলৈ ভেকচিন অনাৰ কথা ঘোষণা কৰিছিল। এইবাৰ সেই ভেকচিন আহিছে ভাৰতলৈ ।
অহা সপ্তাহত কাণপুৰৰ মেডিকেল কলেজ পাবহি ৰাছিয়াৰ ভেকচিন স্পুটনিক ভি। গণেশ শঙ্কৰ বিদ্যার্থী মেডিকেল কলেজত এই ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়োগ কৰা হ’ব।
ডিজিআই-এ অনুমোদন দিয়াৰ পিছতেই এই পদক্ষেপ লৈছে ৰাছিয়াৰ ডিৰেক্ট ইনভেষ্টমেন্ট ফাণ্ড আৰু ডাঃ ৰেড্ডিজ লেবে। খবৰ অনুসৰি এই ভেকচিনৰ প্রথম আৰু দ্বিতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়োগ এতিয়ালৈকে কম মানুহৰ লগত কৰা হৈছে সেয়ে তাৰ ওপৰত ভৰসা কৰা টান । সেইবাবে ইয়াৰ আগতে ডিজিআই (ড্রাগ কন্ট্রোল জেনাৰেল অফ ইণ্ডিয়া)য়ে অনুমোদন দিবলৈ আপত্তি জনাইছিল ।
যোৱা ১৩ অক্টোবৰত ডাঃ ৰেড্ডিজ লেবে ডিজিআইৰ ওচৰত পুনৰ আবেদন জনাই স্পুটনিক ভি ৰ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়োগ কৰাৰ ইচ্ছা প্রকাশ কৰে।
ইয়াৰ পিছতেই অনুমোদন পায় হায়দৰাবাদৰ এই সংস্থাই । স্থিৰ কৰা হৈছে, ডেৰ হাজাৰ স্বেচ্ছাসেৱকৰ শৰীৰত এই ভেকচিন প্রয়োগ কৰা হ’ব। চুক্তি অনুযায়ী ৰাছিয়াৰ প্রথম ভেকচিন স্পুটনিক ভি পৰীক্ষাত উত্তীৰ্ণ হ’লে ডাঃ ৰেড্ডিজ লেবে সম্পূৰ্ণ দেশত ভেকচিন বিতৰণ কৰিব। ডাঃ ৰেড্ডিজ লেবক ১০০ মিলিয়ন ডোজ দিব ৰাছিয়াৰ ডিৰেক্ট ইনভেষ্টমেন্ট ফাণ্ডে ৷
- Log in to post comments
- 5 views