মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ মহানুভৱতা:কৰিমগঞ্জৰ মিছনেৰী হাস্পতাললৈ দান কৰিলে চিকিৎসাৰ সামগ্ৰী

Sachin

ক্ৰিকেট তাৰকা মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে কৰিমগঞ্জৰ মাকুণ্ডা মিছনেৰী হস্পিতাললৈ দান কৰিলে চিকিৎসাৰ সামগ্ৰী ৷ প্ৰায় ২০০০ দৰিদ্ৰ শিশুক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব এই চিকিৎসাৰ সামগ্ৰীয়ে ৷

জানিব পৰা অনুসৰি, ভাৰতীয় ক্ৰিকেট তাৰকা শচীন টেণ্ডুলকাৰ UNICEFৰ গুডৱীল এম্বেছেদৰ ৷

দান কৰা সামগ্ৰীসমূহৰ মাকুণ্ডা হস্পিতালৰ পেডিয়েট্ৰিক ইন্‌টেনচিভ কেয়াৰ ইউনিট আৰু নিঅ’নাটেল ইন্‌টেনচিভ কেয়াৰ ইউনিটলৈ কৰা হৈছে ।

শচীন টেণ্ডুলকাৰৰ এই দানত আনন্দিত অঞ্চলবাসী ৰাইজ ৷ আনহাতে, হস্পিতালখনৰ পেডিয়েট্ৰিক চাৰ্জন ডা° বিজয় আনন্দ ইছমাইলে ধন্যবাদ জনাইছে ক্ৰিকেট তাৰকাগৰাকীলৈ ৷

Your Comments