ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি জন্ম দিৱসত ৰাষ্ট্ৰই এই মহান নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।লগতে,১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হৈছে।দেশৰ শিশুসকলৰ সৰ্বতো প্ৰকাৰৰ উৎকৰ্ষ সাধন কৰাৰ আশাৰে শিশু দিৱস পালন কৰা হৈছে।উল্লেখ যে পণ্ডিত নেহৰু য়ে শিশু সকলৰ সৈতে আন্তৰিক সম্পৰ্ক আছিল আৰু শিশুসকলেও তেওঁক বৰ ভাল পাইছিল।শিশুসকলে তেওঁক খুড়া বুলি সম্বোধন কৰিছিল।১৮৮৯ চনৰ ১৪ নৱেম্বৰত পণ্ডিত নেহৰুৰ জন্ম হৈছিল।তেওঁ দেশৰ ১৭ বছৰ ধৰি প্ৰধানমন্ত্ৰী আছিল।
- Log in to post comments
- 17 views