আজি পোহৰৰ উৎসৱ দেৱালী।অন্ধকাৰৰ ওপৰত পোহৰৰ বিজয়,অপশক্তিৰ ওপৰত শুভশক্তিৰ বিজয়,অজ্ঞানৰ ওপৰত জ্ঞানৰ বিজয়ৰ বাণীৰে দেশজুৰি আজি নিশা দিপাৱলী পালন কৰা হ'ব।আজি নিশা পালন কৰা হ'ব কালী পূজাও। কোভিড সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ দেৱালী উদযাপন যথেষ্ট অনুষ্টুপীয়া।জনতাৰ মাজত পূৰ্বৰ দৰে উৎসাহ নাই।আনহাতে,আতছবাজী ব্যৱহাৰৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰাত দেশত-অসমত আতছবাজী ব্যৱহাৰ পূৰ্বৰ বছৰতকৈ যথেষ্ট কম হোৱাৰ আশা কৰা হৈছে।সচেতন নাগৰিক সমাজে আশা কৰিছে এইবাৰ বায়ু প্ৰদূষণ হ্ৰাস হওক।
- Log in to post comments
- 99 views