কংগ্ৰেছ-এআইইউডিএফ আৰু নতুন ৰাজনৈতিক দলৰ ধনৰ উৎস কি,অসম চৰকাৰে চকু ৰাখিব লাগে"-হিন্দু যুৱ ছাত্ৰ পৰিষদ

Pic

*ড: হীৰেন গোহাঁই-অখিল গগৈৰ দৰে লোকসকলৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়োগ কৰিব লাগে-হিন্দু যুৱ-ছাত্ৰ পৰিষদ*

"অসমত নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল আৰু কংগ্ৰেছ-এআইইউডিএফৰ ধনৰ উৎস কি,তাৰ ওপৰত অসম চৰকাৰে চকু ৰাখিব লাগে।যেনেদৰে নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ ধনৰ উৎস কি,সেই্য়া্ ওলাই পৰিছে,ঠিক একেদৰে নতুনকৈ গঠিত ৰাজনৈতিক দলসমূহৰো ধনৰ উৎস ওলাই পৰিব"-এই গুৰুতৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰ পৰিষদ,অসমৰ সভাপতি বলেন বৈশ্যৰ।গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি বৈশ্যই কয়- "অসমত বিচ্ছিনতাবাদী শক্তি আৰু ইছলামিক মৌলবাদী শক্তিসমূহক অস্ত্ৰ আৰু অৰ্থৰে চীনে সহায় কৰি অহাৰ কথা চীনৰ "গ্লোবেল টাইমছ"ত প্ৰকাশ পোৱা বাতৰিয়ে নিশ্চিত কৰিছে।বাতৰি কাকতখনত ভাৰতক সকীয়নী দি চীনে কৈছে টাইৱানৰ পক্ষত ভাৰত থিয় হ'লে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী শক্তি-সন্ত্ৰাসবাদী সংগঠনসমূহক সহায় কৰিব চীনে।"

চীনৰ প্ৰতিক্ৰিয়ালৈ অসমৰ বহু ৰাজনৈতিক নেতা আৰু বহু বুদ্ধিজীৱীয়ে অপেক্ষা কৰি থকাৰ কথা বাতৰিকাকতখনত প্ৰকাশ পোৱা বুলি উল্লেখ কৰি সভাপতি বৈশ্যই কয়-"ড: হীৰেন গোহাঁই-অখিল গগৈৰ দৰে ব্যক্তিসকলে ৰাষ্ট্ৰৰ বিৰুদ্ধে চীনৰ এজেন্ট হৈ কাম কৰি থকা কথাটো স্পষ্ট হৈছে।"

অসম চৰকাৰক দাবী জনাই হিন্দু সংগঠনটোৱে কয়-"অসম চৰকাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক তথ্যসমূহ যোগান ধৰিব লাগে।লগতে ডঃ হীৰেন গোহাঁই,অখিল গগৈৰ দৰে ব্যক্তিসকলৰ ওপৰত চকু ৰাখিব লাগে।"

Your Comments