ভাৰতলৈ আহিছে কৰ’ণাৰ ভেক্‌চিন 

Corona Vaccine

প্ৰথম পৰ্যায়ত ৩০ কোটি লোকে লাভ কৰিব বিনামূলীয়া ভেক্‌চিন ৷ ভেক্‌চিনৰ প্ৰস্তুতি প্ৰায় শেষ হোৱাৰ দিশে ৷  বজাৰলৈ কৰ’ণাৰ ভেকচিন অহা নাই যদিও, বহু চিকিত্‍সা গৱেষণা সংস্থাই ভেকচিন প্ৰস্তুতৰ শেষ পৰ্যায়ত উপনীত হৈছে। 

কিদৰে ভেক্‌চিন প্ৰদান কৰা হ’ব, সেই লৈ বিশেষ আঁচনি তৈয়াৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে যে প্ৰথম পৰ্যায়ত কৰ’ণাৰ ভেকচিন লাভ কৰিবলৈ আধাৰকাৰ্ড বাধ্যতামূলক নহ’ব আৰু লগতে সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ’ব কৰ’ণাৰ ভেক্‌চিন। 

প্ৰথম পৰ্যায়ত ৫০ বছৰতকৈ অধিক বয়সৰ ২৬ কোটি মানুহক দিয়া হ’ব কৰ’ণাৰ ভেক্‌চিন। সেইদৰে যিসকল বিভিন্ন ৰোগত আক্ৰান্ত,  কিন্তু বয়স ৫০ তকৈ কম, সেইসকলকো দিয়া হ’ব প্ৰথম পৰ্যায়ত কৰ’ণাৰ ভেক্‌চিন। পৌৰসভাৰ কৰ্মী, আৰক্ষী, সেনা বাহিনীত কৰ্মৰত লোককে ধৰি প্ৰায় ২ কোটি লোকক কৰ’ণাৰ ভেক্‌চিন দিয়া হ’ব। ইতিমধ্যে ৰাজ্য সমূহক কোৰোণাৰ ভেকচিন প্ৰদানৰ বাবে টাস্ক ফ’ৰ্চ গঠন কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰ চৰকাৰে ৷

Your Comments