জম্মু-কাশ্মীৰত বিএছএফৰে সংঘৰ্ষত তিনিটা সন্ত্ৰাসবাদী নিহত

BSF

জম্মু-কাশ্মীৰৰ মাচিল ছেক্টৰৰ সীমান্তত বিএছএফ ৰ গুলীত নিহত হ'ল ৩টা সন্ত্ৰাসবাদী।আনহাতে,সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ হয় এজন বিএছএফ বিষয়াসহ তিনিজন জোৱান।

নাহৰ সূত্রই জানিবলৈ দিয়া অনুসৰি শনিবাৰে মাজৰাতি সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল এটা সন্ত্ৰাসবাদীৰ দলে।তেতিয়াই বিএছএফ জোৱানৰ নজৰত পৰে দলটো। দলটোৰ প্রৱেশ ৰোধ কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে গুলী চলায়।আনহাতে,উগ্ৰপন্থীৰ দলটোৱেও গুলী চালনা কৰে।দুই পক্ষৰ মাজত দেওবাৰে পুৱা  ৪বজা পর্যন্ত গুলিয়াগুলী অব্যাহত থাকে।

প্রতিৰক্ষা মুখপাত্র কর্নেল ৰাজেশ কালিয়াই জনাইছে যে, ৰাতি ১বজাত  সীমান্তৰ বেৰাৰ ওচৰত সন্দেহজনক কিছু লোক লক্ষ্য কৰাৰ পিছত সতর্ক হয় বিএছএফ জোৱানসকল। গুলিয়াগুলীত এটা সন্ত্ৰাসবাদীৰ প্রথমে মৃত্যু হয়।সীমান্তৰপৰা ডেৰশ কিলোমিটাৰ ভিতৰত অন্য দুটা সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত  হয়।যোৱা ১ নৱেম্বৰত শ্রীনগৰত আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত নিহত হৈছিল হিজবুল মুজাহিদীনৰ শীর্ষ কমাণ্ডাৰ চইফুল্লা মীৰ ওৰফে গাজী হায়দাৰৰ।

Your Comments