'জাতীয় যুৱ শক্তি'ৰ প্ৰথমটো কাৰ্যসূচী দেওবাৰে দীঘলীপুখুৰীৰ পাৰত,জানি লওক

জাতীয় যুৱ শক্তি

আছু-এজেৱাইচিপিৰ নেতৃত্বত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন 'জাতীয় যুৱ শক্তি'য়ে দেওবাৰে সাব্যস্ত কৰিব চৰকাৰৰ বিৰুদ্ধে প্ৰথমটো যুৱ বিক্ষোভ কাৰ্যসূচী।গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত বহুকেইটা দাবীৰে সাব্যস্ত কৰিব উক্ত প্ৰতিবাদী কাৰ্যসূচী।

নিবনুৱাৰ ভৱিষ্যতক লৈ হেতালি খেলা বন্ধ কৰাৰ লগতে নিবনুৱা সমস্যা পৰিকল্পিতভাৱে সমাধান কৰা,চাকৰি দিয়াৰ নামত কেলেংকাৰী আৰু ছিণ্ডিকেট বন্ধ কৰা,স্বজন তোষণৰ নিযুক্তি পৰিহাৰ কৰি যোগ্যতা ভিত্তিত চৰকাৰী নিযুক্তি প্ৰদানৰ দাবীত ৰূপায়ণ কৰিব উক্ত বিক্ষোভ কাৰ্যসূচী।

গুৰুত্বপূৰ্ণ যে নৱগঠিত আঞ্চলিক দলটোৰ ভাতৃ সংগঠনটো গঠন হোৱাৰ পিছত এয়া প্ৰথমটো কাৰ্যসূচী।

Your Comments