যদি ক’ৰ’না কালত ভ্ৰমণৰ কথা ভাবিছে IRCTCৰ নিয়মসমূহ জানি ল’ব আহক

Irctc

দেশৰ অৰ্থনৈতিক দিশটোলৈ লক্ষ্য ৰাখি ক’ৰ’নাক সংগি কৰিয়েই লাহে লাহে স্বাভাৱিক জনজীৱন ঘুৰি অহাৰ লগতে ক’ৰ’না বিধি মানি ৰেল সেৱা সমূহো আৰম্ভ কৰা হৈছে। যাত্রীসকলৰ ভ্রমণ শান্তিপূর্ণ কৰি ৰাখিবলৈ IRCTC য়ে কিছু  নতুন নিয়ম বান্ধি দিছে ই-টিকট বুক কৰাৰ ক্ষেত্রত ।

এতিয়া দুই ঘণ্টাৰ পৰিবৰ্তে ট্রেইন এৰাৰ ৩০ মিনিট পূৰ্বে দ্বিতীয় সংৰক্ষিত আসনৰ তালিকা প্রকাশ কৰিব ৰেল কৰ্তৃপক্ষই । এই সময়ৰ ভিতৰত কোনো লোকে টিকট কেঞ্চেল কৰিলে বিধি অনুযায়ী পইচা ঘুৰাই পাব ৷

ক’ৰ’না সংক্রমণৰ আগত নিয়ম আছিল যে প্রথম সংৰক্ষিত আসনৰ তালিকা ট্রেইন এৰাৰ চাৰি ঘণ্টা আগতে প্রকাশ কৰা হয় যাতে বাকী আসন PRS বা পেচেঞ্জাৰ ৰিজাৰ্ভেচন চিষ্টেম কাউন্টাৰৰ ওচৰত অনলাইনতো অন্য যাত্রীসকলে বুক কৰিব পাৰে । তেতিয়া সেই ক্ষেত্রত প্ৰথম অহা জনে প্ৰথম টিকট ৰিজাৰ্ভ কৰাৰ সুবিধা পাব ৷

IRCTC টিকট বুকিঙৰ সবিশেষ জানিব পাৰিব irctc.co.in ৱেবচাইটৰ যোগেদি ৷ তাৰ বাবে প্ৰয়োজন হ’ব সেই ৱেবচাইটত গ্ৰাহকজনৰ এটা একাউণ্ট । 

সেই চাইটতে নিৰ্দিষ্ট ফৰ্ম ফিলআপৰ যোগেদি বুক কৰিব পাৰিব গ্ৰাহক সকলে নিজৰ ৰেলৰ টিকট ৷

ডেবিট বা ক্ৰেডিট কাৰ্ডৰ যোগেদি কৰিব পাৰিব পেইমেন্ট সমূহ ৷

Your Comments