গুৱাহাটী উচ্চ ন্যায়ালয়ত কৃষক নেতা অখিল গগৈৰ জামিনৰ শুনানি অসম্পূৰ্ণ।পৰৱৰ্তী শুনানিৰ দিন ১৯ নৱেম্বৰলৈ ধাৰ্য ন্যায়ালয়ৰ।
উল্লেখ যে চান্দমাৰী থানাৰ ১৩/১৯ নম্বৰ 'নিয়া'ৰ গোচৰৰ জামিনৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হৈছিল শুনানি।দিল্লীৰ পৰা জ্যেষ্ঠ অধিবক্তা সুজিফা আহমেদীয়ে অনলাইন যোগে প্ৰায় আঢ়ৈ ঘণ্টা ধৰি যুক্তি প্ৰদৰ্শন কৰে।
ন্যায়াধীশ কল্যাণ ৰয় সুৰানা আৰু অজিত বৰঠাকুৰৰ আদালতত অনুষ্ঠিত হৈছিল জামিনৰ শুনানি।
গুৰুত্বপূৰ্ণ যে বিগত ১১ মাহ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতা গগৈ।
- Log in to post comments
- 14 views