'ৰিপ্লাবিক টিভি'ৰ মুখ্য সম্পাদক সাংবাদিক অৰ্ণৱ গোস্বামীৰ জামিনৰ শুনানি আজিও সম্পূৰ্ন নহ'ল।বম্বে উচ্চ ন্যায়ালয়ত গোস্বামীৰ জামিনৰ শুনানি শনিবাৰে পুনৰ ১১ বজাৰ পৰা আৰম্ভ হ'ব।
উল্লেখ যে বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে সাংবাদিক গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল।২০১৮ চনৰ আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সাংবাদিকগৰাকী বৰ্তমান ন্যায়িক জিম্মাত আছে।
- Log in to post comments
- 12 views