"শিলচৰ বিমানবন্দৰত বৃহস্পতিবাৰে এআইইউডিএফৰ সমৰ্থকসকলে পাকিস্তান জিন্দাবাদ দিয়া নাছিল,আজিজ খান জিন্দাবাদ ধ্বনিহে প্ৰদান কৰিছিল"-স্পষ্ট কৰিলে এইআইইউডিএফৰ শীৰ্ষ নেতৃত্বই।
শ্লোগানক লৈ একাংশই নিকৃষ্ট ৰাজনীতি কৰা বুলি অভিযোগ তুলি ৰাজনৈতিক দলটোৱে কয়-"সমগ্ৰ ঘটনাৰ তদন্তৰ হ'ব লাগে।"
কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক লৈ একাংশ কিছুদিনৰ পৰা শংকাত ভুগিছে।বিশেষকৈ শাসক পক্ষ বিজেপিয়ে তেওঁলোকৰ কৌশলত সফল নহ'ব বুলি শংকাত ভুগিছে।তাৰ বাবে কেতিয়াবা মিঞা মিউজিয়াম, কেতিয়া আৰবিক বেনাৰ,কেতিয়াবা মোগলৰ কথা কৈ,কেতিয়াবা সভ্যতাৰ যুুঁজ বুলি কৈ অসমত এটা অস্থিৰ পৰিৱেশ ৰচনা কৰিবলৈ বিচাৰি থকা বুলিও এআইইউডিএফে কয়।
- Log in to post comments
- 19 views