ক’ভিড-১৯ মহামাৰীৰ সময়ত জনজীৱন সুৰক্ষিতভাৱে চলি থাকিবলৈ চৰকাৰৰ দ্বাৰা বান্ধি দিয়া হৈছিল কিছুমান নীতি-নিয়ম।কিন্তু তাৰ মাজতো এই নিয়মসমূহ উলংঘা কৰাৰ বাবে বহু লোকে জৰিমনা ভৰিব লগা হৈছিল।
তেনে জৰিমনাৰেই ৩লাখতকৈও অধিক টকা সংগ্ৰহ কৰে গুৱাহাটী মহানগৰৰ ফাঁচীবজাৰ আৰক্ষীয়ে ৷ ইয়াৰোপৰি পাৰ্কিং বিধি নমনাৰ বাবেও বহু পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰিছে।
উল্লেখযোগ্য যে ক’ৰ’না সন্ত্ৰাসৰ আৰম্ভণিতে ফাঁচী বজাৰৰ আলু গুদামৰপৰা বহু লোকলৈ ক’ৰ’না সংক্ৰমণ হৈ ক’ৰ’না সংক্ৰমণৰ কেন্দ্ৰত পৰিণত হৈছিল।
- Log in to post comments
- 10 views