ক’ৰ’নাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হ’ল ভাৰতবৰ্ষত

Corona

দিল্লী এইমছৰ সঞ্চালক ৰণদ্বীপ গুলেৰীয়াই সতৰ্ক কৰি দিছে যে ভাৰতবৰ্ষতো আৰম্ভ হ’ল ক’ৰ’নাৰ দ্বিতীয়টো ঢৌ আৰু লগতে কয় যে কোনো ব্যক্তিয়ে যাতে অনাহকত ঘৰৰ বাহিৰলৈ নাযায় ৷

ক’ৰ’নাৰ দ্বিতীয়টো ঢৌৰ বাবে আগৰদৰে বিভীষিকাৰ সৃষ্টি নহ’বলৈ ফ্ৰান্সৰ পিছত ব্ৰিটেইনতো দিয়া হৈছে দ্বিতীয়টো লক্‌ডাউন ৷ এতিয়া ভাৰতবাসীৰ মনত উদয় হোৱা প্ৰশ্নটো হ’ল ভাৰতবৰ্ষত ১০ নৱেম্বৰৰপৰা পুনৰবাৰ দিয়া হ’ব নেকি লক্‌ডাউন ?

পৃথিৱীৰ বহুবোৰ দেশত দ্বিতীয় লক্‌ডাউন ঘোষণা কৰাৰ পিছত ভাৰততো এই সন্দৰ্ভত ব্যাপক আলোচনা হৈ আছে যদিও বিশেষজ্ঞসকলৰ মত অনুসৰি ভাৰতত এতিয়াও সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱা নাই বাবে লক্‌ডাউনৰ সম্ভাৱনা কিছু কম ৷

গড় হিচাপত ভাৰতবৰ্ষত যদিও ক’ৰ’না সংক্ৰমণৰ পৰিমাণ ২০% বাঢ়িছে,ৰাজ্যসমূহৰ গ্ৰাফডাল কিছু বেলেগ।ভাৰতৰ বহুবোৰ ৰাজ্যত সংক্ৰমণৰ কমিহে অহা পৰিলক্ষিত হৈছে।

ভাৰতবৰ্ষত লক্‌ডাউন দিয়াৰ ক্ষেত্ৰত জড়িত হৈ থাকিব অৰ্থনৈতিক দিশটো।গতিকে,চালিজাৰি চাইহে চৰকাৰে সিদ্ধান্ত ল’ব পাৰিব।

Your Comments