মৃত্যু দিৱসত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি ৰাজ্যবাসীৰ

Dr.Bhupen Hazarika

নৱম মৃত্যু দিৱসত আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে ভাৰত ৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক।২০১১ চনৰ ৫ নৱেম্বৰত মুম্বাইৰ এখন চিকিৎসালয়ত বিয়োগ ঘটিছিল ডঃ হাজৰিকাৰ।শিল্পীগৰাকীৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত।সুধাকণ্ঠৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে ৰাজ্যবাসীয়ে।সামাজিক মাধ্যমতো সৰ্ব-সাধাৰণ নাগৰিকসকলে কিম্বদন্তী সংগীত-শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।

Your Comments