ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।যোৱা দেওবাৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে বুুধবাৰে চিকিৎসালয়ৰ বিচনাৰ পৰা ভঙা ভঙা মাতেৰে ক'লে-"মই এতিয়াৰে পৰা সমাজসেৱাৰ কামত আগবাঢ়িবলৈ বিচাৰিছোঁ।ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ।মোক সদায় ৰাইজে মৰম কৰিব।সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁঁ।ৰাইজ আৰু ভগৱানৰ আৰ্শীবাদ নোপোৱা হ'লে এই কাম কৰিবলৈ নোৱাৰিলোঁহেতেন।"
অসমবাসী ৰাইজৰ মৰম বিচৰা বুলি উল্লেখ কৰি গগৈয়ে কয়-"তিতাবৰ আৰু যোৰহাটবাসীয় মোক মৰম কৰি আছেই।ছাত্ৰ- ছাত্ৰী, যুৱক-যুৱতী, কৃষক, চাহ শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা যিটো মৰম পাই আছোঁঁ, সেয়া মোৰ জীৱনৰ সফলতাৰ মূলমন্ত্ৰ।এই মূলমন্ত্ৰ লৈয়ে কাম কৰি যাম।"
উল্লেখ যে ক'ৰ'না আক্রান্ত হোৱাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী দুটা মাহ চিকিৎসাধীন হৈছিল জিএমচিএইচত।
- Log in to post comments
- 27 views