অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক লৈ কি ক'লে মুখ্যমন্ত্ৰী সোণোৱাল-মন্ত্ৰী হিমন্তই,পঢ়ক

সোণোৱাল-হিমন্ত

মহাৰাষ্ট্ৰ আৰক্ষীয়ে বুধবাৰে পুৱা নিজা বাসগৃহৰ পৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি সোণোৱালে কয়-"গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা এই আক্ৰমণ সমগ্ৰ ভাৰতবৰ্ষ গণতান্ত্ৰিক ভেঁটিৰ ওপৰত আক্ৰমণ‌ কোনো যুক্তিতে ইয়াক সহ্য কৰা নহ'ব।"

মহাৰাষ্ট্ৰ চৰকাৰক দাবী জনাই মুখ্যমন্ত্ৰী সোণোৱালে কয়-"বিনাচৰ্তত,শীঘ্ৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি সন্মান জনাই অৰ্ণৱ গোস্বামীক মুকলি কৰি দিব লাগে।"

পুৱা গ্ৰেপ্তাৰ কৰা গোস্বামীক মুম্বাই আৰক্ষীয়ে আবেলি আদালতত হাজিৰ কৰে।২০১৮ চনৰ এটা আত্মহত্যাৰ বাবে উচটনি দিয়া          সন্দৰ্ভৰ গোচৰত গ্ৰেপ্তাৰ কৰা জ্যেষ্ঠ সাংবাদিকজনৰ পক্ষত থাকি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয়-"যিটো গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে,সেই গোচৰটো পূৰ্বতে বন্ধ কৰা হৈছে।বন্ধ হোৱা গোচৰ পুনৰ খুলি অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ কার্যই কংগ্ৰেছৰ জৰুৰীকালীন সময়লৈ পুনৰ ঘূৰাই লৈ গৈছে।"

"এয়া গণতন্ত্ৰৰ ওপৰত আঘাত।সুস্থ আৰু নিৰপেক্ষ সাংবাদিকতাৰ ওপৰত প্ৰচণ্ড আঘাত।ভাৰতবাসীৰ লগতে আমিও এই নিৰ্মম-পাশৱিক কাৰ্যৰ গৰিহণা দিছোঁ"-শৰ্মাই কয়।

মহাৰাষ্ট্ৰ আৰক্ষী আয়ুক্ত,গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে বুলিও দাবী জনায় মন্ত্ৰীগৰাকীয়ে।

Your Comments