গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত মহাৰাষ্ট্ৰ উদ্ধৱ থাকৰে চৰকাৰৰ প্ৰচণ্ড আক্ৰমণ। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অসম সন্তান অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিলে মুম্বাই পুলিচে।টিআৰপি গোচৰ সন্দৰ্ভত তেওঁক বুধবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হয়।গোস্বামীৰ বাসভৱনত আৰক্ষী প্ৰৱেশ কৰি জ্যেষ্ঠ সাংবাদিকজনক বলপূৰ্বকভাৱে আৰক্ষী থানালৈ লৈ যায়।গোস্বামীৰ সৈতে যথেষ্ট অপমানজনক ব্যৱহাৰ কৰে আৰক্ষীয়ে।দেশৰ এগৰাকী প্ৰমুখ সাংবাদিকক এনেদৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত দেশজুৰি সচেতন জনতাৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।সকলোৱে তীব্ৰ নিন্দা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুম্বাই আৰক্ষীক।বিজেপিয়ে তীব্র নিন্দা কৰিছে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ।
- Log in to post comments
- 44 views