২০৫০ চনৰ ভিতৰত ভাৰতৰ ৩০খন চহৰে জলসংকটত ভোগাৰ সম্ভাৱনা

Water Crisis

গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপে ২০৫০ চনৰ ভিতৰত ভাৰতবৰ্ষৰ ৩০খন চহৰে জল সংকটত ভুগিব লগা হ’ব বুলি  WWFৰ  ৰিস্ক ফিল্টাৰৰ প্ৰেক্ষাপটত অৱগত হোৱা গৈছে ৷

সোমবাৰে প্ৰকাশিত WWFৰ এটা জৰীপৰ মতে পৃথিৱীত এই জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অতি সোনকালেই জল সংকটে দেখা দিব।বিশ্বৰ প্ৰায় ১০০খন চহৰ য’ত কমেও ৩৫০মিলিয়ন জনতাই বাস কৰে,এক ভয়ংকৰ জল সংকটত পৰিব ২০৫০চনৰ ভিতৰত।এই ১০০খন চহৰৰ ৫০খন চীনৰ চহৰ আৰু ভাৰতৰ ৩০খন চহৰ আছে ৷ ভাৰতবৰ্ষৰ দিল্লী, জয়পুৰ, ইন্দ’ৰ, অমৃতসৰ, পুণে, শ্ৰীনগৰ, কলিকতা, বাংগালোৰ, মুম্বাই,ক'জিিকোড় আৰু বিশাখাপট্টনম সকলোতকৈ সংকটপূৰ্ণ এলেকা হিচাপে চিহ্নিত কৰিছে বিশেষজ্ঞৰ দলটোৱে ৷

Your Comments