ক্ৰমশঃ বিষাক্ত হ'বলৈ ধৰিছে ৰাজধানী দিল্লীৰ বায়ু।এনে অতিকৈ প্ৰদূষিত বায়ুয়েই উশাহ-নিশাহত গ্ৰহণ কৰিব লগীয়া হৈছে মহানগৰখনৰ জনতাই।কাষৰীয়া পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকলে পথাৰত শস্যৰ অৱশেষ জ্বলোৱাত তাৰ ধোঁৱাই চানি ধৰিছে দিল্লীৰ আকাশ।প্ৰতিটো পুৱাতে দিল্লীৰ আকাশত দেখা গৈছে 'স্মগ'ৰ আৱৰণ।বৰ্তমান দিল্লীৰ বায়ুৰ গুণাগুণ 'অতি বেয়া' বুলি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে উল্লেখ কৰিছে।
- Log in to post comments
- 30 views