ফ্ৰান্সৰপৰা ৪ নৱেম্বৰত ভাৰতলৈ আহিব তিনিখন ৰাফেল ফাইটাৰ জেট

Rafale

ফ্ৰান্সৰপৰা ভাৰতবৰ্ষলৈ ৪ নৱেম্বৰত আহিব লগীয়া তিনিও খন ৰাফেল ফাইটাৰ জেট পোনে-পোনেই ভাৰতলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।তাৰপিছত ভাৰতীয় বায়ুসেনাৰ ৩৬খন ৰাফেল জেটৰ ভিতৰত ৮খন কাৰ্যকৰী হ’ব ৷

শেহতীয়াকৈ ৫খন ৰাফেল ফাইটাৰ জেট ছৌদী আৰবৰ মাজেৰে আনিছিল আৰু উপসাগৰীয় দেশখনৰ আল-ধফ্‌ৰা বিমান বন্দৰত অৱতৰণো কৰিছিল।আনহাতে, আল-ধফ্‌ৰা বিমানবন্দৰটো হৰমুজ ষ্ট্ৰেইটৰ কাষতে অৱস্থিত ৷ 

ভাৰতৰ ৰাফেল জেটকেইখন আল-ধফ্‌ৰাৰ বিমান বন্দৰত উপস্থিত থাকোতেই ইৰানৰ সেনাই এখন নকল বিমান বাহকলৈ ক্ষেপণাস্ত্ৰ উৎক্ষেপন কৰি ভুুৱা আক্ৰমণ কৰিছিল ৷ ফলত এটা ক্ষেপণাস্ত্ৰ বিমানবন্দৰ অভিমুখে টোঁঁৱাই থোৱা বুলি দিয়া বিশেষজ্ঞৰ তথ্যৰ ভিত্তিত আল-ধফ্‌ৰাৰ বিমানবন্দৰক উচ্চ সতৰ্কতাত ৰখা হৈছিল ৷

তেনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ এইবাৰ ভাৰতে ৰাফেল জেটকেইখন পোনেপোনে ভাৰতবৰ্ষলৈ অনাৰ সিদ্ধান্ত লৈছে ৷

উল্লেখযোগ্য যে ভাৰতলৈ আহিব লগা মুঠ ৩৬খন ৰাফেল ফাইটাৰ জেট ২০২১চনৰ শেষৰ ফাললৈ পঠিয়াই সম্পূৰ্ণ কৰা হ’ব ৷

Your Comments