সীমা বিবাদৰ মাজত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিং মুখামুখি হ’ব 

Modi-Jhinping

সীমা বিবাদ চলি থকাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিং নৱেম্বৰ মাহত মুখামুখি হ’ব ৩খন ভিন ভিন চামিটত ৷

প্ৰথমখন ১০নবেম্বৰত হ’ব লগা চাংহাই ক’অপাৰেচন অৰগেনাইজেছন হেড্‌চ অফ্‌ ষ্টেট চামিট,দ্বিতীয়খন ১৭ নবেম্বৰত হ’ব লগা BRICS চামিট আৰু শেষৰখন নৱেম্বৰৰ ২১-২২ তাৰিখে হ’ব লগা G20 চামিটত লগ হ’ব দুয়োখন দেশৰ মুৰব্বী দুজন ৷

BRICS আৰু SCO গ্ৰুপিঙৰ অংশীদাৰ ৰাছিয়াই আয়োজন কৰিব ইয়াৰ দুয়োখন সন্মিলন।আনহাতে,G20 সন্মিলনখন পৰিচালনা কৰিব চৌদি আৰবে ৷

১৫ জুনৰ গালৱানৰ ঘটনাত ভাৰতৰ ২০সৈনিকৰ মৃত্যু আৰু চীনৰ ভাৰততকৈ অধিক সংখ্যক সৈন্যৰ মৃত্যু হোৱাৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বেয়াৰ ফাললৈ ঢাল খাইছিল ৷

এই বছৰৰ প্ৰথম ভাগতো দুয়োজন দেশৰ মুৰব্বী চৌদি আৰবে পৰিচালনা কৰা G20ৰ ক’ৰ’না মহামাৰী সন্দৰ্ভৰ সন্মিলনত মিলিত হৈছিল যদিও তেতিয়া দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ইমান অৱনতি ঘটা নাছিল ৷

Your Comments