মিজোৰামত প্ৰথমবাৰৰ বাবে মৃত্যু ঘটিছে ক'ৰ’না ৰোগীৰ

Corona Death

ক'ৰ’না অতিমাৰীয়ে তাণ্ডৱৰ সময়ছোৱাতো এজনো লোকৰ মৃত্যু নোহোৱাকৈ থকা ৰাজ্য একমাত্ৰ মিজোৰামেই আছিল যদিও শেহতীয়াকৈ যোৱা ২৮ অক্টোবৰৰ দিনা সেই খ অভিলেখ ভংগ হৈছে ৷ দহ দিন ক'ৰ’নাৰ সৈতে যুঁজ দি অৱশেষত ২৮ অক্টোবৰৰ দিনা দিনৰ প্ৰায় ১২-২০ বজাত মৃত্যু ঘটে এগৰাকী ক'ৰ'না ৰোগীৰ ৷

মিজোৰামৰ জোৰাম মেডিকেল কলেজ হস্পিতালত যোৱা দহ দিন ধৰি ভৰ্তি হৈ থকাৰ পিছত ডৰপুৰৰ আৱাসী লালচাংখুমা নামৰ লোকজনৰ মৃত্যু হোৱাৰ বাতৰিয়ে মিজোৰামৰ লোকসকলক চিন্তাত পেলাইছে ৷

Your Comments