*কনিষ্টবলৰ হৈ যোৱা পৰীক্ষাৰ প্ৰাৰ্থীসকলে আকৌ দিব লাগিব নেকি পৰীক্ষা,জানি লওঁঁক*
অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ কেলেংকাৰীৰে জড়িত হোৱাৰ অপৰাধত আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিছে ৪৫জন অভিযুক্তক।তাৰে ৪৩ জনৰ বিৰুদ্ধে আছে ঘটনাৰে পোনপটীয়াকৈ জড়িত থকাৰ গুৰুতৰ অভিযোগ।এই কথা প্ৰকাশ কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।ঘটনা সন্দৰ্ভত চিআইডি,ক্ৰাইম ব্ৰান্স আৰু বিভিন্ন জিলাত আৰক্ষীয়ে ৰুজু কৰিছে মুঠ পাঁচটাকৈ গোচৰ।কাহিলীপাৰাৰ চতুৰ্দশ অসম আৰক্ষী বেটেলিয়নত শনিবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে।আৰক্ষী উপ-পৰিদৰ্শকৰ কেলেংকাৰীৰ তদন্তই কম সময়ৰ ভিতৰতে অধিক অগ্ৰগতি লাভ কৰা বুলি লগতে তেওঁ কয়।
তাৎপৰ্যপূৰ্ণ যে আৰক্ষীয়ে কম সময়ৰ ভিতৰত তদন্তৰ অগ্ৰগতি লাভ কৰিলেও বৰ্তমানলৈ প্ৰশ্ন কাকত ক'ৰ পৰা কেনেকৈ ফাদিল হ'বলৈ পালে,তাৰ কোনো সম্ভেদ বৰ্তমান সময়লৈ লাভ কৰা নাই।তাৰ বাবে তদন্ত অব্যাহত থকা বুলি মহন্তই সংবাদমেলত উল্লেখ কৰে।
উল্লেখ যে অসম আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰায় ৫ কোটি ৩০ লাখ টকা জব্দ কৰিছে।ইয়াৰ পৰিমাণ বৃদ্ধি পাব পাৰে বুলি সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰে।
আনহাতে,অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰে জড়িত ব্যক্তিগত সংস্থাক আঁঁতৰোৱাৰ বাবে ৰাজ্যত চলি থকা অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষা আজিৰে পৰা স্থগিত ৰখা বুলি ঘোষণা কৰে।আৰক্ষীয়ে নিজাকৈ অনুষ্ঠিত কৰিব পৰীক্ষা।বে-চৰকাৰী সংস্থাই অনুষ্ঠিত কৰা পৰীক্ষাত বাচনি হোৱা প্ৰাৰ্থীসকলৰ বাচনি প্ৰক্ৰিয়া বৈধ বুলি বিবেচনা কৰা হ'ব নে নহয়,সেয়া চৰকাৰৰ লগত হোৱা আলোচনাৰ জড়িয়তে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।
গুৰুত্বপূৰ্ণ যে এছআইৰ অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা লিখিত পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব।তাৰো প্ৰাৰম্ভিক প্ৰক্ৰিয়া চলি থকা কথা উল্লেখ কৰে মহন্তই।
- Log in to post comments
- 55 views