তিনিচুকীয়াৰ বাঘজানৰ তৈল খাদৰ অগ্নিকাণ্ডৰ প্ৰভাৱ পৰিব জীৱকূুলৰ ওপৰতো 

Bhaghjan Fire


যোৱা ২৭মে’ তাৰিখে বাঘজান তৈলখাদৰ পৰা গেচ নিৰ্গমন আৰম্ভ হৈছিল।৯জুনত আৰম্ভ হৈছিল অগ্নিকাণ্ড ৷ তথ্য অনুসৰি প্ৰায় ১৬১০ঘৰ মানুহ সেই অগ্নিকাণ্ডৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈ গৃহহীন হৈছিল ৷ তদুপৰি, ঘৰচীয়া জীৱ-জন্তুৰ লগতে ডিব্ৰু-চৈখোৱাৰ জীৱ-জন্তু , মাগুৰীবিল, ব্ৰহ্মপুত্ৰৰ মাছ-কাছ আদিৰো যথেষ্ট লোকচান হৈছিল ৷

Baghjan Fire

সম্প্ৰতি খবৰ অনুসৰি বহুতো জীৱ-জন্তুৱে মৃত পোৱালী জন্ম দিয়াৰ ঘটনাই সেই অঞ্চলৰ লোকৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে ৷ মানৱ সন্তানৰ ক্ষেত্ৰতো বহুবোৰ বিসংগতিৰ লগতে এনে ঘটনা হোৱাৰ আশংকাই দেখা দিছে ৷

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান(WII) এ মত প্ৰকাশ কৰিছে যে বাঘজান কাণ্ডৰ প্ৰভাৱ সমূহ দীৰ্ঘকালিন হোৱাৰ সম্ভাৱনা অধিক ৷ এই প্ৰতিষ্ঠানটোৱে ১৭৮ পৃষ্ঠাজোৰা এক প্ৰতিবেদন যোগে পৰিৱেশ,অৰণ্য আৰু জলবায়ু পৰিবৰ্তনৰ কেন্দ্ৰীয় মন্ত্ৰনালয়ক জনাই যে মাগুৰীবিলৰ মাছৰ দেহত ইতিমধ্যে পৃথিৱীৰ অন্যান্য ঠাইৰপৰা পোৱা ৰিপৰ্টতকৈও অধিক সৰ্বোচ্চ ঘনত্বৰ পলিএৰ’মেটিক হাইড্ৰকাৰ্বন পোৱা গৈছে আৰু এই কাণ্ডৰ পৰা হোৱা প্ৰদূষণ আৰু তাৰ প্ৰভাৱবোৰ আতৰাবলৈ এক দীৰ্ঘকালিন প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানটোৱে ৷

Your Comments