চাবুৱা থানাৰ 'নিয়া'ৰ গোচৰত কৃষক নেতা অখিল গগৈৰ জামিন লাভ

Akhil Gogoi

কৃষক নেতা অখিল গগৈৰ চাবুৱা থানাৰ গোচৰত জামিন লাভ।'নিয়া'ৰ বিশেষ আদালতে চাবুৱা থানাত ৰুজু হৈ থকা দ্বিতীয়টো 'নিয়া'ৰ গোচৰত মঞ্জুৰ কৰিছে জামিন।উল্লেখ যে আৰক্ষী বিষয়াৰ দাঁত ভঙাৰ অভিযোগত গগৈৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল উক্ত গোচৰটো।পাছত  গোচৰটো 'নিয়া'লৈ হস্তান্তৰ কৰা হৈছিল।

চাবুৱা থানাৰ ১/২০২০ নম্বৰ গোচৰত গগৈয়ে জামিন লাভ কৰিলে।চানমাৰি থানা ১৩/১৯ নম্বৰ গোচৰত জামিন পাবলৈ এতিয়াও বাকী আছে গগৈ।গুৱাহাটী উচ্চ ন্যায়ালয়ত গগৈৰ প্ৰথমটো নিয়াৰ গোচৰৰ ইতিমধ্যে আৰম্ভ হৈছে শুনানি।উক্ত গোচৰত কৃষক নেতাগৰাকীয়ে জামিন লাভ কৰিলে ওলাই আহিব মুকলি আকাশৰ তললৈ।

উল্লেখ যে বিগত ৯ মাহ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ।

Your Comments