পাঁচ দিনৰ বাবে ক্ৰাইম ব্ৰান্সৰ জিম্মালৈ দ্বিবন ডেকা

Dwiban Deka

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মূল অভিযুক্ত  দ্বিবন ডেকাক পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।ক্ৰাইম ব্ৰান্সত ৰুজু হৈ থকা ১৩/২০২০ নম্বৰ গোচৰত ডেকাক বুধবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়।

উল্লেখ যে ডেকাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৪১৮/৪২০/১২০(খ) ধাৰাত ৰুজু কৰা হৈছে গোচৰ।

গুৱাহাটী মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ জিম্মাত আছে ডেকা।

ইফালে,প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত চিআইডিতো ডেকাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

Your Comments