অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মূল অভিযুক্ত দ্বিবন ডেকাক গ্ৰেপ্তাৰ।আত্মসমৰ্পন কৰিবলৈ গুৱাহাটীলৈ আহি থকাৰ সময়ত ডেকাক পাটাছাৰকুচিত নিশা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এখন এম্বুলেন্সত গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ডেকাক গ্ৰেপ্তাৰ কৰি কটকটীয়া নিৰাপত্তাৰ মাজেৰে কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নলৈ অনা হয়।
উল্লেখ যে বিজেপি নেতা দ্বিবন ডেকা এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মূল অভিযুক্ত হিচাপে চিহ্নিত হৈছে।ঘটনা সংঘটিত হোৱাৰ পিছত ১১দিন ধৰি আত্মগোপন কৰি থকা বিজেপি নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈ আৰক্ষীয়ে দ্বিবন আৰু প্ৰশান্ত দত্তৰ সন্ধান দিওঁতালৈ ১লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।তাৰ পিছতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ আহ্বানত দ্বিবনে নিজে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আৰক্ষীৰ ওচৰত।বৰ্তমান চিআইডিয়ে জেৰা চলাইছে দ্বিবনক।
অন্যহাতে ঘটনাৰ অন্যতম অভিযুক্ত প্ৰাক্তন ডিআইজি প্ৰশান্ত দত্তৰ বৰ্তমানো কোনো সম্ভেদ নাই আৰক্ষীৰ হাতত।
- Log in to post comments
- 31 views