বিশ্বত ক'ৰ'না সংক্ৰমণৰ দ্বিতীয়টো ঢৌ!ইজৰাইলত দেশজুৰি পুনৰ লকডাউন ঘোষণা

Ijrael

*Rajkamal Changkakoti* *ৰাজকমল চাংকাকতি*

বিশ্বত হয়তো ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে।পুনৰ বিশ্বজুৰি দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা।একাংশ দেশত মাজতে ক'ৰ'না আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছিল যদিও পুনৰ বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্ত।ইয়াৰ বাবে পুনৰ তেনে কিছু দেশে লকডাউন আৰোপ কৰাৰ চিন্তা-চৰ্চা কৰিছে।

     শেহতীয়াকৈ ইজৰাইল চৰকাৰে দেশখনত পুনৰ লকডাউন প্ৰৱৰ্তন কৰিলে।পুনৰাই দেশজুৰি লকডাউন প্ৰৱৰ্তন কৰা প্ৰথমখন দেশত পৰিণত হৈছে ইজৰাইল।দেশখনত এতিয়া নাগৰিকসকলক ঘৰৰ পৰা ৫০০ মিটাৰতকৈ অধিক দূৰলৈ যোৱাত বাধা আৰোপ কৰিছে চৰকাৰে।ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে বিগত সপ্তাহৰ শুকুৰবাৰৰ পৰা দেশজুৰি তিনি সপ্তাহৰ বাবে লকডাউন ঘোষণা কৰিছে।প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে-"মই জানো এই সিদ্ধান্তটো গ্ৰহণ কৰা হেতু যথেষ্ট মূল্য পৰিশোধ কৰিব লাগিব।আমি যদি ক'ৰ'না প্ৰতিৰোধী সকলো নিয়ম পালন কৰোঁ,তেন্তে ক'ৰ'নাক পৰাস্ত কৰিবলৈ পাৰিম।"
      উল্লেখ্য যে জনসংখ্যাৰ হিচাপত ইজৰাইল ক'ৰ'না সংক্ৰমণত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।৮৮ লাখ জনসংখ্যাৰ ইজৰাইলত ১,৫৬,৫৯৬ গৰাকী লোক ক'ৰ'না আক্ৰান্ত হৈছে।চিকিৎসাধীন হৈ আছে ৩৭,৪০০ লোক।মৃত্যু হৈছে ১,১১৯ গৰাকী ব্যক্তিৰ।দেওবাৰে দেশখনত ৩,১০০ গৰাকীতকৈ অধিক লোক ক'ৰ'না আক্ৰান্ত হয়।

Your Comments