কেতিয়া জন্ম হ'ব 'আছু'ৰ ৰাজনৈতিক দলৰ!পৰামৰ্শদাতা সমিতিৰে গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

Lurinjyoti Gogoi

'আছু'ৰ নতুন ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি তুংগত।আছু-অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা ১৬ জনীয়া পৰামৰ্শদাতাৰ সমিতি সোমবাৰে দ্বিতীয়খন বৈঠকত মিলিত হয়।গুৱাহাটী পাণবজাৰৰ হোটেল প্ৰাগ কন্টিনেলটেলত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠকখন।

সমিতিৰ প্ৰায়সংখ্যক সদস্য উপস্থিত থকা বৈঠকত উপস্থিত থাকে সমিতিৰ সমন্বয়ক 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ।

উল্লেখ যে বৈঠকত নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত হয় গুৰুত্বপূূৰ্ণ আলোচনা।বিজেপি চৰকাৰক প্ৰতিহত কৰাৰ বাবে ৰাজনৈতিক শক্তিৰ কিদৰে উত্থান হ'ব লাগিব,তাৰ বিস্তৃত আলোচনা হয় বৈঠকত।

ইয়াৰ উপৰিও পৰামৰ্শদাতা সমিতিয়ে শৈক্ষিক, ৰাজনৈতিক,অৰ্থনৈতিক বিষয়তো বৈঠকত আলোচনা কৰা বুলি আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয়।সমিতিৰ পৰামৰ্শৰ ভিত্তিত আগন্তক দিনত জাতীয় জীৱনৰ কৰ্মসূচীত আগবাঢ়িব বুলিও তেওঁ লগতে  উল্লেখ কৰে।

গুৰুত্বপূৰ্ণ যে সমিতিৰ পৰামৰ্শৰ ভিত্তিতে আছুৱে গঠন কৰিব নতুন ৰাজনৈতিক শক্তি।

Your Comments