নিউজ ডেস্ক :
দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ কিছু সময় পূৰ্বে দেহাৱসান ঘটে ।৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে। উল্লেখ্য যে বিগত এমাহ ধৰি চিকিৎসাধীন অৱস্থাত আছিল প্রাক্তন ৰাষ্ট্ৰপতি গৰাকী। মগজুৰ এক জটিল অস্ত্ৰোপচাৰ সম্পূৰ্ন হোৱাৰ পিছতেই আক্রান্ত হৈছিল কভিডত।
১৯৩৫ চনৰ ১১ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা মুখাৰ্জীয়ে ।দেশৰ ত্রয়োদশ ৰাষ্ট্ৰপ্ৰতি হিচাপে ২০১২পৰা ২০১৭ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৯ বর্ষত ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰে বিভূষিত হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে।
উল্লেখ্য যে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰীত্বৰ সময়তে ১৯৬৯ চনত ৰাজ্যসভালৈ প্ৰথম নিৰ্বাচিত হৈছিল মুখাৰ্জী।তাৰ পাছৰ পৰাই ২০১২ বৰ্ষলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আছিল মুখাৰ্জী। কেন্দ্ৰীয় বিত্তমন্ত্ৰী হিচাপেও মুখাৰ্জীয়ে দায়িত্ব পালন কৰিছিল।
- Log in to post comments
- 16 views