দেৱালীলৈ ভাৰতত ক'ৰ'না সংক্ৰমণ যথেষ্টখিনি নিয়ন্ত্ৰণ কৰিব পৰা যাব।এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ।ভাৰত ক'ভিড-১৯ ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যথেষ্ট আগত আছে বুলিও কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে উল্লেখ কৰে।বৰ্তমান প্ৰতিদিনে ১০ লাখ ক'ৰ'না পৰীক্ষা কৰা হৈছে বুলি ডাঃ হৰ্ষবৰ্ধনে মন্তব্য কৰে।দেশৰ নেতৃত্ব আৰু সাধাৰণ নাগৰিকসকলে একত্ৰিত হৈ ক'ৰ'নাৰ সৈতে যুঁজ দিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
- Log in to post comments
- 10 views