*নিৰ্বাচনী প্ৰক্ৰিয়া বেআইনী আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ*
কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ স্থগিতাদেশৰ ৰায়ৰ পিছতো পূৰ্ব নিৰ্ধাৰিত সময়তে আমবাৰীৰ অসম গণ পৰিষদৰ কার্যালয়ত আজি অনুষ্ঠিত হয় সাধাৰণ পৰিষদৰ বৈঠক।বহু প্ৰত্যাশিত দলৰ একাদশ সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত দলটোৰ বৰ্তমানৰ সভাপতি অতুল বৰাকে সৰ্বসন্মতিক্ৰমে দ্বিতীয়বাৰলৈ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়।কাৰ্যকৰী সভাপতি হিচাপে কেশৱ মহন্তক মনোনীত কৰে সভাই।উল্লেখ যে সাধাৰণ পৰিষদৰ সভাত দলটোৰ প্ৰায়সংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকে।কিন্তু ৰহস্যজনকভাৱে দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অতুল বৰা সভাপতি নিৰ্বাচিত হোৱাৰ পিছতহে উপস্থিত হয়।কাৰ্যালয়ত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কয়-"ন্যায়ালয়ৰ স্থগিতাদেশ ভংগ কৰি বেআইনীভাৱে সভাখন অনুষ্ঠিত কৰা হৈছে।সভাখন অনুষ্ঠিত কৰাৰ বাবে আইনৰ সমৰ্থন নাই।মোক দিয়া চিঠিখনত ১১ বজাত সভাৰ সময় উল্লেখ কৰা হৈছিল।কিন্তু ১১বজাৰ পূৰ্বে সভা অনুষ্ঠিত কৰিছে।"
অসম চুক্তিৰ ক্ষতি হ'ব পৰা কোনো কাম মই সমৰ্থন কৰিবলৈ নোৱাৰো।'কা' আইনে চুক্তিক ক্ষতি কৰিছে।৬নং দফা কমিটীৰ প্ৰতিবেদন বিজেপিয়ে ভংগ কৰিছে।গতিকে যেতিয়ালৈ দলত থাকিব তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব বুলি উল্লেখ কৰি প্ৰফুল্ল কুমাৰ মহন্তই কয়- "আঞ্চলিক শক্তিটোক শক্তিশালী কৰিব লাগিব।ৰাষ্ট্ৰীয় শক্তিৰ সৈতে চামিল হ'লে নহ'ব।"
আনহাতে,সভাপতি নিৰ্বাচিত হোৱাৰ পিছত অতুল বৰাই কয়-"দলটোক অনাগত দিনত নতুন সাজেৰে গঢ় দিবলৈ চেষ্টা কৰিম।মূল লক্ষ্য হ'ব ২১ৰ নিৰ্বাচনত বৰ্তমান থকা ১৪ খন আসনৰ পৰা কিদৰে বৃদ্ধি কৰিব পৰা যাব।"
দলৰ প্ৰতিটো স্তৰৰ কর্মীসকল নতুন উচাহেৰে আগবাঢ়ি অহা বুলি উল্লেখ কৰি তেওঁ কয়-"নতুন সংবিধানৰ আধাৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।"
"আঞ্চলিক দলৰ সদায় প্ৰত্যাহ্বান বেছি।কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ পিছত অসমৰ ৰাইজক বুজাব লগা বেছি কথা নাথাকিব।৯৯ শতাংশ সদস্যৰ সমৰ্থন আছে।জোৰ কৰি আমি কাকো একো কৰিব নোৱাৰোঁ"-বৰাই লগতে কয়।
সভাত উপস্থিত থাকে দলটোৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী,ডাঃ কমলা কলিতা প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃত্ব।
- Log in to post comments
- 7 views