বিজেপিত কোন কোন 'কা' আন্দোলনকাৰী শিল্পীয়ে যোগদান কৰিলে?

Pic

নাগৰিকত্ব সংশোধনী আইন-২০১৯ চমুকৈ 'কা' বিৰোধিতাৰে ২০২১ৰ নির্বাচনত বিজেপিক গাদীচ্যুত কৰাৰ সংকল্প লোৱা ৰাজ্যৰ একাংশ শিল্পীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত।২১ গৰাকী 'কা' বিৰোধী শিল্পীয়ে ৰাষ্ট্ৰীয় দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে।হেঙেৰাবাৰীত বিজেপিৰ কাৰ্যালয়ত সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত গেৰুৱা বসন পৰিধান কৰা কণ্ঠশিল্পী-অভিনেতা তথা শিল্পীসকল হৈছে- সীমান্ত শেখৰ,দীপক শৰ্মা,পংকজ ইংতি, ড্ৰিমলী গগৈ,প্ৰাঞ্জনা দত্ত,প্ৰতিমা দেৱী,জয়শ্ৰী গোস্বামী,প্ৰতিমা দেৱী,ৰেবা ফুকন,পল ফুকন, বিৰিণা পাঠক,বিকাশ ভৰদ্বাজ,ধ্ৰুৱ কাশ্যপ, সিদ্ধান্ত কলিতা,প্রাণজিৎ দাস,প্ৰসন্ন বৰুৱা,  কবিন্দ্ৰ দাস, জয় চক্ৰৱৰ্তী, সুদীপ্ত ভৰদ্বাজ, পল্লৱ পৱন বৰা, অংকুৰাণী শৰ্মা, কিশোৰ দাস, ঋত্বিকা হাজৰিকা, বৈকুণ্ঠ পাঠক, ঋষভ শৰ্মা, বিজয় কাশ্যপ, আৰোহণ বৰদলৈ, প্ৰিয়ংকা কলিতাসহ মুঠ ৩০গৰাকী সাংস্কৃতিক জগতৰ সৈতে জড়িত শিল্পী, অভিনেতা, অভিনেত্ৰী আৰু কণ্ঠশিল্পীয়ে পৰিধান কৰে গেৰুৱা বসন।

উল্লেখ যে আজি যোগদান কৰা প্ৰায়সংখ্যক শিল্পী 'কা' বিৰোধী আন্দোলনত ওতপ্ৰোতভাৱে জড়িত আছিল।

গুৰুত্বপূৰ্ণ যে কিছুদিন পূৰ্বে অভিনেতা যতীন বৰা,কণ্ঠশিল্পী বিদ্যাসাগৰ আৰু অভিনেত্ৰী আশা বৰদলৈয়ে বিজেপি দলত যোগদান কৰিছিল।

Your Comments