ছোনিয়া গান্ধীয়ে ত্যাগ কৰিব কংগ্ৰেছৰ অৰ্ন্তৱতীকালীন অধ্যক্ষৰ পদ!

Sonia Gandhi

কংগ্ৰেছ দলত নেতৃত্বক লৈ সংঘাত বৃদ্ধি পাইছে।কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই মুকলিকৈ বক্তব্য প্ৰকাশ কৰিছে যে কংগ্ৰেছৰ অধ্যক্ষ গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তি হ'ব লাগে।আনহাতে,আন একাংশ জ্যেষ্ঠ নেতাই কৈছে যে ছোনিয়া গান্ধী অথবা গান্ধী পৰিয়ালৰ ব্যক্তি অধ্যক্ষ হ'ব লাগে।এইখিনিতে দেওবাৰে বাতৰি আহিছে যে ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ অৰ্ন্তৱতীকালীন অধ্যক্ষৰ পদ ত্যাগ কৰিবলৈ বিচাৰিছে।অৰ্ন্তৱতীকালীন অধ্যক্ষৰ কাৰ্যকাল সমাপ্ত হোৱা বুলি উল্লেখ কৰি ছোনিয়া গান্ধীয়ে এই পদ ত্যাগ কৰিবলৈ বিচাৰিছে বুলি প্ৰকাশ পাইছে।যি কি নহওক,নেতৃত্বক লৈ সংঘাত সৃষ্টি হোৱাটোৱে দলটোক অধিক দুৰ্বল কৰিব বুলি চৰ্চা হৈছে।

Your Comments