*আৰোগ্য হোৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি*
ভাৰতত ক'ৰ'না সংক্ৰমণৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে।শনিবাৰে ৭০,৪৮৮ গৰাকী নতুন ক'ৰ'না আক্ৰান্তক লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩০,৪৩,৪৩৬ গৰাকী হয়গৈ যদিও ইতিমধ্যে আৰোগ্য হৈছে ২২,৭৯,৯০০ গৰাকী আক্ৰান্ত।শনিবাৰে ৫৯,১০১ গৰাকী লোক আৰোগ্য হৈ হাস্পতালৰ পৰা মুকলি হয়।উল্লেখযোগ্য যে শনিবাৰে ৯১৮ গৰাকী আক্ৰান্তৰ মৃত্যু হয়।দেশত এতিয়ালৈকে ৫৬,৮৪৬ গৰাকী কৰুণা আক্ৰান্তৰ মৃত্যু হৈছে।বৰ্তমান ভাৰতত ৭,০৬,১৩৮ গৰাকী ক'ৰ'না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।
- Log in to post comments
- 6 views