*বিজেপিক ৰুধিবলৈ সক্ৰিয় ৰাজনীতিলৈ অখিল গগৈ*
"কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত ৰাজ্যত আত্মপ্ৰকাশ ঘটিব আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ।নতুন দলৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ন কৰিছে সংগঠনটোয়ে।আত্মপ্ৰকাশ ঘটিব লগা নতুন ৰাজনৈতিক দলটোৰ সংবিধান আৰু কৰ্মসূচী প্ৰস্তুতিৰ লগতে দলৰ নামো চূড়ান্ত কৰা হৈছে"-গুৰুত্বপূৰ্ণ ঘোষণা কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্কো-ডি-শইকীয়াৰ।কৃষক মুক্তিৰ গুৱাহাটীৰ গান্ধীবস্তিৰ কাৰ্যালয়ত সংবাদমেলৰ জৰিয়তে সভাপতিগৰাকীয়ে কয়-"ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল হ'ব।কোনো ৰাষ্ট্ৰীয় শক্তিৰ লগত নাথাকিব এই দলটো।"
"গঠন হ'ব লগা নতুন ৰাজনৈতিক দলটোৰ নাম কি হ'ব,ইতিমধ্যে চূড়ান্ত কৰা হৈছে যদিও কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ মুকলি আকাশৰ তললৈ আহি ঘোষণা কৰিব দলটোৰ নাম।"সভাপতি শইকীয়াই কয়।
উল্লেখ যে কৃষক মুক্তিয়ে পূৰ্বে গঠন কৰা 'গণমুক্তি সংগ্রাম অসম' নাম নহ'ব নতুন দলটোৰ।দল গঠনৰ বাবে তৈয়াৰ কৰা কৰ্মসূচীখনৰ নাম হৈছে 'অসমবাসীৰ জাতীয় কৰ্মসূচী'।যিখনক আধুনিক অসমীয়া জাতিৰ বুনিয়াদী দলিল বুলি অভিহিত কৰিছে সংগঠনটোৱে।
ৰাজনৈতিক দল গঠনৰ সকলো ধৰণৰ বৌদ্ধিক কাম-কাজ সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়-"অহা অক্টোবৰ মাহত কৃষক নেতা গগৈ মুকলি হোৱাৰ পিছতে চূড়ান্ত ঘোষণা হ'ব নতুন দলটোৰ নাম।'২১ৰ নির্বাচনত বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে প্ৰতিদ্বন্দিতা কৰিব নিৰ্বাচনত।দলটোৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব কৃষক নেতা অখিল গগৈ।"
বিজেপিক বিৰোধিতা কৰা সকলো আঞ্চলিক শক্তিক দলটোত ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাই শইকীয়াই কয়-"ৰাজনৈতিকভাৱে ফেডাৰেল,অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল, সামাজিক-সংস্কৃতিকভাৱে সকলোকে সামৰি আৰু মানসিকভাৱে বিজ্ঞানসন্মত অসম গঢ়ি তোলাটো দলটোৰ মুখ্য উদ্দেশ্য।"
আঞ্চলিকতাবাদত বিশ্বাসী অসমৰ স্বাভিমানৰ প্ৰতি দায়বদ্ধ,জাতীয় ভাবাপন্ন,ধৰ্মনিৰপেক্ষ, আপোচবিহীন আৰু প্ৰগতিশীল ব্যক্তিৰে গঠন হ'ব লগা দলটোত যোগদান কৰাৰো আহ্বান জনায় সংগঠনটোৱে।
ৰাজনৈতিক দল গঠন হ'লেও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰাজনৈতিক জাতীয় সংগঠন হিচাপে ধাৰাবাহিকতা ৰক্ষা কৰিব।এই কথা উল্লেখ কৰি ভাস্কো-ডি শইকীয়াই কয়-"কংগ্ৰেছ-এআইইউডিএফ কোনো শক্তিৰে মিত্ৰতা নকৰে ৰাজনৈতিক দলটোৱে।"সদৌ অসম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত কৃষক মুক্তি সংগ্রাম সমিতিয়ে পৰৱৰ্তী পৰ্যায়ৰ আলোচনা কৰিব বুলি জানিবলৈ দিয়ে।
গান্ধীবস্তিত সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰুৱা,উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান,কাৰ্যকৰী সভাপতি অনিল বড়ো।
- Log in to post comments
- 32 views