*আছু,যুৱ-ছাত্ৰ পৰিষদৰ বিকল্প আঞ্চলিক শক্তি উত্থানৰ খবৰে টোপনি হৰিছে অগপৰ*
নাগৰিকত্ব সংশোধনী আইন-২০১৯ চমুকৈ 'কা' বিৰোধিতাৰে অসম গণ পৰিষদত আৰম্ভ হৈছিল সংঘাত।দলৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বৰ্তমানৰ সভাপতি অতুল বৰাৰ মুকলি সংঘাতে অগপ দলত দুটা ভাগত বিভক্ত কৰিছিল।কিন্তু হঠাৎ দুভাগত বিভক্ত হোৱা অগপত আহিল পট পৰিৱৰ্তন।অতুল বৰা ফৈদত অৱস্থান লোৱা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ তৎপৰতাত দীৰ্ঘদিনে দুই মেৰুত অৱস্থান কৰা দলটোৰ সভাপতি বৰা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত মুখামুখী বৈঠকত অৱতীৰ্ণ।
ফণীভূষণৰ ড্ৰয়িং ৰুমত দীৰ্ঘদিনীয়া সংঘাতৰ অৱসান ঘটাই দুঘণ্টা জোৰা বৈঠকত মিলিত হয় অগপৰ জ্যেষ্ঠ নেতা দুজন।সভাপতি অতুল বৰা ফৈদৰ আনজন মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে বৈঠকত।
উল্লেখ যে বৃহস্পতিবাৰে সন্ধিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত নিজে আহি ফণীভূষণ চৌধুৰীৰ ঘৰত উপস্থিত হৈছিল।তাৰ পিছতে দুয়োগৰাকী বৈঠকত মিলিত হৈছিল।সেই বৈঠকৰে ফচল আছিল আজিৰ বৈঠকখন।
গুৰুত্বপূৰ্ণ যে অহা ২৭ আগষ্টত অগপৰ সাধাৰণ পৰিষদৰ বৈঠক আছে আমবাৰীৰ কাৰ্যলয়ত।উক্ত বৈঠকতে গঠন হোৱাৰ কথা আছে দলৰ নতুন সমিতি।এই বৈঠকৰ পূৰ্বে মহন্ত-বৰা মুখামুখি হোৱাৰ ঘটনাই অধিক তাৎপৰ্য বহন কৰিছে।
আছু-যুৱ ছাত্ৰ পৰিষদৰ বিকল্প ৰাজনৈতিক দল গঠন কৰাৰ কুচকাৱাজে অধিক চিন্তাত পেলাছে আঞ্চলিক ৰাজনৈতিক দলটোৰ ভিতৰচ'ৰাত।তাৰে পৰিণতিত দলক উদ্ধাৰ কৰাৰ বাবে একেলগ হৈছে মহন্ত-বৰা।
বৈঠকৰ পিছতে মহন্তৰ ঘোষণা-"আঞ্চলিক ৰাজনৈতিক শক্তিক শক্তিশালী কৰিব লাগে।অসমৰ উন্নয়ন আঞ্চলিক শক্তিৰ বাহিৰে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে কৰিব নোৱাৰে"।লগতে তেওঁ কয়-"ইতিবাচক আলোচনা হৈছে আমাৰ মাজত।"
বৈঠকৰ অন্তত সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় -"মতানৈক্য থাকিব,কিন্তু বিসম্বাদ নাই অগপত।অসম গণ পৰিষদ দল অসমৰ মাটিত আঞ্চলিকতাবাদৰ স্তম্ভ।ইয়াক সোলোক-ধোলোক কৰি উভালি পেলাবৰ বাবে বহু সময়ত ষড়যন্ত্ৰ হৈছে।বৰ্তমানো বিভিন্ন ৰাষ্ট্ৰীয় শক্তিৰ প্ৰৰোচনাত কেতবোৰ নতুন নতুন শক্তিয়ে আত্মপ্ৰকাশ কৰাৰ প্ৰচেষ্টা চলাইছে।"
ইফালে,অগপ দলটোৰ অন্যগৰাকী বিদ্ৰোহী বিধায়ক পবিন্দ্ৰ ডেকাই কয়-"মহন্ত-বৰাৰ বৈঠকক লৈ মই মূৰ ঘমুৱা নাই।ছেপ্টেম্বৰ মাহত দেখা পাব নতুন ৰাজনৈতিক নাটক।ইতিমধ্যে লিখা হৈছে নাটকখন।চিত্ৰনাট্য সাজু হোৱাৰ দৰে অভিনেতাসকলো সাজু হৈছে।"
- Log in to post comments
- 63 views