ক'ৰ'না সংকটৰ পৰিপ্ৰেক্ষিতত বিশেষ ধৰণৰ হ'ব বিহাৰৰ আগন্তুক নিৰ্বাচন।শুকুৰবাৰে নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ গাইড লাইন প্ৰকাশ কৰোঁতে স্পষ্ট হৈছে এই কথা। নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত লোকসকলক ক'ৰ'নাৰ পৰা সুৰক্ষা দিয়াৰ দিশটোলৈ লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিৰ্বাচনী প্ৰক্ৰিয়াটোত।তেনে ব্যৱস্থাসমূহৰ ভিতৰত বিহাৰ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ প্ৰক্ৰিয়া হ'ব অনলাইন।গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুযায়ীহে ৰাজহুৱা সভা আৰু ৰোড শ্ব'ৰ আয়োজনৰ অনুমতি প্ৰদান কৰা হ'ব।নিৰ্বাচনী প্ৰক্ৰিয়াত হেণ্ড গ্লোভছ,ছেনিটাইজাৰ,মাস্ক,থাৰ্মেল স্কেনাৰ,পিপিই কিটৰ যথেষ্ট ব্যৱহাৰ কৰা হ'ব।সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব।উল্লেখ্য যে বিহাৰ নিৰ্বাচনত ভোটদাতাই হেণ্ড গ্লোভছ পিন্ধিহে ইভিএমত ভোট দিবলৈ পাৰিব।গ্লোভছ যোগান ধৰিব নিৰ্বাচন আয়োগে।
- Log in to post comments
- 18 views