প্ৰবীণ ৰাজনীতিক দ্ৰুপদ বৰগোঁহাই অসুস্থ

প্ৰবীণ ৰাজনীতিক দ্ৰুপদ বৰগোঁহাই অসুস্থ

অসমৰ প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন সাংসদ দ্ৰুপদ বৰগোঁহাই গুৰুতৰভাৱে  অসুস্থ । চি পি আইৰ দলৰ জ্যেষ্ঠ নেতাগৰাকী বৃক্ক ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে । শিক্ষকতা বৃত্তিৰপৰা অৱসৰ লৈ ৰাজনীতিৰ পথাৰত খোজ দিয়া বৰগোঁহায়ে ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তাৰ পৰৱৰ্ত্তী সময়ত চি পি আই দলৰ পৰা ২০০৪ বর্ষত যোৰহাট লোকসভা সমষ্টিত পৰা ভোট যুদ্ধত অৱতীৰ্ণ হৈছিল । কিন্তু সেই সময়ৰ কংগ্ৰেছৰ সাংসদ বিজয়কৃষ্ণ সন্দিকৈৰ হাতত পৰাস্ত হৈছিল । আকৌ ২০০৬ বর্ষৰ বিধানসভা নিৰ্বাচনত নাজিৰা বিধানসভা সমষ্টিৰপৰা হিতেশ্বৰ শইকীয়াৰ পত্নী হেমপ্ৰভা শইকীয়াক পৰাস্ত কৰি বিধান সভালৈ নিৰ্বাচিত হৈছিল সহজ সৰল ৰাজনীতিবিদগৰাকী । ঠিক একেদৰে দলে বিচৰাৰ বাবে ২০০৯ বর্ষত পুনৰ লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰপৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও সেইবাৰ তেওঁ ভোট যুদ্ধত পৰাজিত হয় ।

Your Comments